09 Sep UPSC Civil Services (Main) Examination 2026 — Assamese Literature Paper II: Question Paper | Plutus IAS
The questions below are from Assamese Literature Paper II of UPSC Civil Services (Main) Examination 2026 (held 2026-08-30) — the actual paper, which is public government content. This page carries the questions for reference and revision; model answers for this paper are not published here.
Official paper (PDF): upsc.gov.in.
- তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা : 10×5=50 – (a) ‘অযোধ্যা কাণ্ড’ৰ জৰিয়তে মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা বিচাৰ কৰা। – (b) ‘পাৰিজাত হৰণ’ নাটত সত্যভামা চৰিত্ৰটোৰ মাজেৰে কি কি দিশৰ উল্লেখ ঘটিছে, আলোচনা কৰা। – (c) শ্ৰীমন্ত শংকৰদেৱে কিয় ‘ইটো বাসক্ৰীড়া কেলি নামে কামজয়’ বুলি উল্লেখ কৰিছে, বিশ্লেষণ কৰা। – (d) মাধৱদেৱৰ বৰগীতৰ আধাৰত চিৰন্তন মাতৃৰ স্বৰূপ নিৰ্ণয় কৰা। – (e) ‘গুৰু-চৰিত’ৰ আধাৰত তদানীন্তন সমাজৰ এটি ৰূপৰেখা দাঙি ধৰা।
- তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা : – (a) ‘পাৰিজাত হৰণ’ নাটত কি কি ৰসৰ সমাৱেশ ঘটিছে, বহলাই আলোচনা কৰা। 20 – (b) “ভট্টদেৱৰ গদাৰ ভাষা গুৰুগম্ভীৰ সাধু ভাষা।” উক্তিয়াৰৰ যথার্থতা ব্যাখ্যা কৰা। 15 – (c) মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ বিষয়বস্তুৰ সম্যক আভাস দাঙি ধৰা। 15
- তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা : – (a) চৰিত-সাহিত্য বুলিলে কি বুজা? চৰিত-সাহিত্যৰ বৈশিষ্ট্যসমূহ ‘গুৰু-চৰিত’ত কিদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰা। 20 – (b) “শিশু-চৰিত্ৰৰ কল্পনা নৈপুণ্যত বৰগীতবোৰে কবিতা হিচাপে জগতৰ কাব্য-সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে।” মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰ ব্যাখ্যা কৰা। 15 – (c) ‘অযোধ্যা কাণ্ড’ৰ আধাৰত চিত্ৰকূট বনৰ নৈসৰ্গিক চিত্ৰ অংকনত মাধৱ কন্দলিয়ে কিদৰে মৌলিকতা দেখুৱাইছে সেই বিষয়ে এটি নিবন্ধ লিখা। 15
- তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা : – (a) “শ্ৰীকৃষ্ণৰ বাসক্ৰীড়াৰ অনুপম কাহিনীয়ে ভক্তিমাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে।” কথাষাৰৰ যথার্থতা বিচাৰ কৰা। 20 – (b) মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ আধাৰত জবাসন্ধ আৰু শিশুপাল চৰিত্ৰ বিশ্লেষণ কৰা। 15 – (c) ‘কথা-ভাগৱত’ৰ আধাৰত অসমীয়া গদ্য-সাহিত্যত ভট্টদেৱৰ স্থান নিৰূপণ কৰা। 15
- তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা : 10×5=50 – (a) ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত বেজবৰুৱাৰ জন্মস্থান আৰু জন্ম তাৰিখ সম্বন্ধে আলোচনা কৰা। – (b) ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শীৰ্ষক সংকলনটোৰ মূল বিশেষত্ব কি কি সেই বিষয়ে এটি বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়োৱা। – (c) বৰপেটাৰ দৌল উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতি ‘মনোমতী’ উপন্যাসৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে সেই বিষয়ে এটি টোকা লিখা। – (d) ‘মৃত্যুঞ্জয়’ উপন্যাসৰ ধনপুৰ চৰিত্ৰটিৰ এটি বিশ্লেষণাত্মক আলোচনা যুগুতোৱা। – (e) সংঘাতময় জীৱনৰ উপলব্ধি ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰটোৰ যোগেদি কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা।
- তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা : – (a) “ ‘কাৰেঙৰ লিগিৰী’ত জ্যোতিপ্ৰসাদৰ বৈপ্লৱিক চিন্তা-চৰ্চাৰ স্পষ্ট আভাস পোৱা যায় ।” কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰা। 20 – (b) বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত ৰাজনৈতিক চিন্তা-চেতনাৰ কেনেদৰে প্ৰতিফলন ঘটিছে, উদাহৰণসহ বিশ্লেষণ কৰা। 15 – (c) “ ‘প্ৰতিমা’ৰ প্ৰায় সকলোবোৰ কবিতাৰ মাজেদি এক মানৱীয়বাদৰ স্পষ্ট ধ্বনি শুনা যায় ।” উক্তিযাৰৰ যথার্থতা ব্যাখ্যা কৰা। 15
- তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা : – (a) পুৰণি সাহিত্য কি কি দিশত সীমাবদ্ধ বুলি বাণীকান্ত কাকতিয়ে উনুকিয়াইছে, তোমাৰ ভাষাত লিখা। 20 – (b) প্ৰহসন বুলিলে কি বুজা? প্ৰহসনৰ বৈশিষ্ট্যসমূহ ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত বিচাৰ কৰা। 15 – (c) সমালোচকসকলে ‘জীৱনৰ বাটত’ উপন্যাসক “অসমীয়া জাতীয় জীৱনৰ তাৎপৰ্যপূৰ্ণ এটা শতাব্দীৰ ইতিহাস” আখ্যা দিয়াৰ অন্তৰালত নিহিত কাৰণসমূহ ফঁহিয়াই দেখুওৱা। 15
- তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা : – (a) “নৱকান্ত বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসংগতাবোধ আদি বিষয়সমূহেও প্ৰাধান্য লাভ কৰিছে ।” কথাষাৰ ‘সম্ৰাট’ কবিতাৰ প্ৰসংগত কিমানদূৰ প্ৰযোজ্য, যুক্তিসহ তোমাৰ মন্তব্য আগবঢ়োৱা। 20 – (b) ‘মনোমতী’ উপন্যাসত সাধাৰণ পুৰুষ-মহিলাৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা-প্ৰীতিৰ কিদৰে পৰিস্ফুৰণ ঘটিছে, আলোচনা কৰা। 15 – (c) অসমীয়া সমাজ-জীৱন আৰু মানুহৰ বিভিন্ন দিশৰ নিৰ্মোহ সমালোচনা ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ জৰিয়তে কিদৰে প্ৰকাশ পাইছে, বিচাৰ কৰা। 15 ★★★ SB27—18
Questions reproduced from the official paper for study purposes; verify on the exam-conducting body’s official website.
Related — other papers of this exam
- All papers — UPSC Civil Services (Main) Examination 2026 hub
- Essay (Paper-I) — questions & model answers
- General Studies-I (Paper-II) — questions & model answers
- General Studies-II (Paper-III) — questions & model answers
- General Studies-III (Paper-IV) — questions & model answers
- General Studies-IV (Paper-V) — questions & model answers
- Assamese Literature Paper I — question paper
- मद्रास उच्च न्यायालय में ‘वेट्ट्री पयणम’ योजना को असंवैधानिक घोषित करने की मांग - October 4, 2026
- Gurugram’s groundwater extraction exceeds limit by 212%; HC seeks ban - October 4, 2026
- स्वतंत्रता सेनानी श्यामजी कृष्ण वर्मा की जन्म जयंती पर पीएम का श्रद्धांजलि - October 4, 2026

No Comments