UPSC Civil Services (Main) Examination 2026 — Assamese (Compulsory): Question Paper | Plutus IAS

UPSC Civil Services (Main) Examination 2026 — Assamese (Compulsory): Question Paper | Plutus IAS

The questions below are from Assamese (Compulsory) of UPSC Civil Services (Main) Examination 2026 (held 2026-08-29) — the actual paper, which is public government content. This page carries the questions for reference and revision; model answers for this paper are not published here.

Official paper (PDF): upsc.gov.in.

  1. তলত দিয়া যিকোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা : 100 – (a) ভাৰতৰ অৱধাৰণা আৰু আমাৰ ভৱিষ্যত – (b) ডিজিটেল যুগত নাগৰিকৰ কৰ্তব্য – (c) ভাৰতৰ মহাকাশ গৱেষণা আৰু মঙ্গলযান – (d) স্বাস্থ্যসেৱাৰ সূচলতা আৰু গুণগত মান
  2. তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষিপ্ত উত্তৰ দিয়া : 12×5=60 দুখৰ ক্ষেত্ৰত ভয়ৰ যি স্থান, আনন্দৰ ক্ষেত্ৰত উদ্যমৰো সেই একেই স্থান। কষ্ট আৰু ক্ষতি সহিবৰ কাৰণে সাহসৰ প্ৰয়োজন হোৱা কাৰ্যসমূহৰ আনন্দকে উদ্যম বুলি ক'ব পাৰি। কষ্ট আৰু ক্ষতিৰ স্তৰ অনুযায়ী উদ্যমৰো কেইটিমান স্পষ্ট ভাগ আছে। সাহিত্য সমালোচকসকলে ইয়াকে যুদ্ধবীৰ, দানবীৰ, দয়াবীৰ আদি ভাগত ভাগ কৰিছে। এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন আৰু প্ৰধান হৈছে যুদ্ধক্ষেত্ৰৰ বীৰত্ব; য'ত আঘাত, কষ্ট আনকি মৃত্যুও নগন্য হৈ পৰে। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা এই প্ৰকাৰৰ বীৰত্বৰ অনুশীলন হৈ আহিছে; য'ত সাহস আৰু প্ৰয়াস উভয়ে চৰম শিখৰ চুইছে। কিন্তু কেৱল দুখ আৰু যাতনা সহিব পৰা গুণৰ পৰাই উদ্যমৰ সৃষ্টি নহয়। ইয়াৰ সৈতে আনন্দপূৰ্ণ প্ৰয়াস আৰু উৎসাহ সংযুক্ত হ'ব লাগিব। অচেতন নকৰাকৈ ডাঙৰ ফোঁহা এটাৰ অস্ত্ৰোপচাৰ কৰাটো সাহস হ'ব পাৰে, কিন্তু তাক উদ্যম বুলি ক'ব নোৱাৰি। সেইদৰে নীৰৱে, হাত-ভৰি লৰচৰ নকৰাকৈ যুদ্ধৰ প্ৰহাৰ সহ্য কৰিবলৈ সাজু হৈ থকাটো সাহস আৰু কঠিনতকৈও কঠিন আঘাত সহ্য কৰিও নিজৰ ঠাইৰ পৰা আঁতৰি নোযোৱাটোক দৃঢ়তা বুলিব পাৰি। এনেকুৱা সাহস আৰু দৃঢ়তাক উদ্যম বুলি ক'ব পৰা যায়, যদিহে সাহসী আৰু ধৈৰ্যশীলজনে প্ৰহাৰ সহিবলগীয়া হোৱা কামটো আনন্দ মনেৰে গ্ৰহণ কৰে। মূলকথা এইটোৱেই যে আনন্দপূৰ্ণ প্ৰয়াস তথা ইয়াৰ আগ্ৰহতহে উদ্যম দেখা যায়, কেৱল নিষ্ক্ৰিয়ভাৱে কষ্ট সহি যোৱাত নহয়। দৃঢ়তা আৰু সাহস উভয়ে উদ্যমৰ মাধ্যমেৰে সঞ্চাৰিত হয়। দানবীৰ সকলৰ নিজৰ ধন-সম্পদ ত্যাগ কৰা আৰু তাৰ ফলত হ'ব পৰা ক্ষতি সহ্য কৰাৰ সাহস থাকে। প্ৰকৃত দান বা উদাৰতা বুলি তেতিয়াহে কোৱা হ'ব, যেতিয়া দান দিয়াৰ কাৰণে দান দিওঁতাজনে জীৱন নিৰ্বাহত কিবা প্ৰকাৰৰ সংকটৰ সম্মুখীন হ'বলগীয়া হয়। এই সংকটৰ পৰিমাণ যিমানে বেছি হয়, সিমানেই উদাৰতাৰ পৰিমাণে বৃদ্ধি পায়। কিন্তু এই ধন-সম্পদ ত্যাগ কৰাৰ সাহসত যেতিয়ালৈকে আন্তৰিকতা, আগ্ৰহ আৰু আনন্দেৰে কৰা নেয়ায়, তেতিয়ালৈকে উদ্যমৰ প্ৰকৃত স্বৰূপো প্ৰকাশ নেপায়। যুদ্ধৰ উপৰিও পৃথিৱীত আৰু কিছুমান কঠিন কাৰ্য থাকে; য'ত চূড়ান্ত শাৰীৰিক কষ্ট সহিব লগা হয়। আনকি মৃত্যুৰ সম্ভাৱনাও থাকে। গৱেষণাৰ উদ্দেশ্যেৰে বৰফেৰে আবৃত সুউচ্চ পৰ্বত, চাহাৰা মৰুভূমি বা মেক অঞ্চলত কৰা ভ্ৰমণ, অচিনাকী গভীৰ অৰণ্যত বাস কৰা হিংস্ৰ, বৰ্বৰ জাতিৰ মানুহৰ মাজত প্ৰৱেশ কৰা আদি কামবোৰ সাহস আৰু পৰাক্ৰমৰ পৰিচায়ক। এনে কামবোৰ যদি মানুহে আনন্দপূৰ্ণ আগ্ৰহেৰে কৰে, সেয়াও একপ্ৰকাৰৰ উদ্যমৰে অভিব্যক্তি। – (a) উদ্যমত সাহসৰ ভূমিকা সম্পৰ্কে স্পষ্টকৈ লিখা। 12 – (b) দৃঢ়তা বুলিলে কি বুজা যায়? 12 – (c) উদ্যম কেনেদৰে আহৰণ কৰিব পাৰি? 12 – (d) আনন্দপূৰ্ণ আগ্ৰহ আৰু উদ্যমৰ মাজত সম্পৰ্ক বিচাৰ কৰা। 12 – (e) দান দিওঁতাজনে দান দিয়া কাৰ্যৰ বাবে কি সহন কৰিবলগীয়া হয়? 12
  3. তলৰ গদ্যাংশ ইংৰাজী ভাষালৈ অনুবাদ কৰা : প্ৰাচীন কালৰে পৰা জাহাজ চলোৱা কলা-কৌশলৰ বাবে ভাৰতীয় নাবিকসকল প্ৰসিদ্ধ । প্ৰায় 5000 বছৰৰ আগতেই সাগৰত তেওঁলোকে জাহাজ চলোৱা আৰম্ভ কৰিছিল । সেই সময়ত সমুদ্ৰ যাত্ৰাৰ কাৰণে মাত্ৰ কেইপদমান সঁজুলিহে উপলব্ধ আছিল । আজিকালিৰ দৰে আধুনিক সঁজুলিসমূহৰ ব্যৱহাৰ নাছিল । কিন্তু প্ৰাচীন কালৰ নাবিকসকলৰ বোধকৰোঁ ইন্দ্ৰিয়সমূহ অধিক সজাগ আছিল আৰু বতৰ সম্পৰ্কে অধিক জ্ঞান আছিল । তেওঁলোকে গ্ৰহ-নক্ষত্ৰসমূহ নিৰীক্ষণ কৰিব জানিছিল, বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰিছিল আৰু ৰং চাই সাগৰৰ পানীৰ গভীৰতা নিৰ্দ্ধাৰণ কৰিব পাৰিছিল । সামুদ্ৰিক জীৱসমূহক লক্ষ্য কৰি তেওঁলোকে স্থলভাগ কিমান দূৰত আছিল অনুমান কৰিব পাৰিছিল আৰু কেতিয়াবা একোখন দেশৰ ভৌগোলিক অৱস্থানো নিখুঁতভাৱে ক'ব পাৰিছিল। তেতিয়াৰ দিনত নৌবিদ্যা শিকাৰ কোনো অনুষ্ঠান নাছিল। গতিকে তেওঁলোকে যি শিকিছিল সেয়া আছিল প্ৰয়াস আৰু প্ৰমাদৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা। কেতিয়াবা দুৰ্ঘটনাও সংঘটিত হৈছিল। কিন্তু তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাসে সমুদ্ৰযাত্ৰা বাহাল ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল। এই শক্তিৰ ভৰসাতে তেওঁলোকে পশ্চিমত পাৰস্য উপসাগৰ, পূবে আফ্ৰিকাৰ উপকূল, সুদূৰ পূৰ্ব ইন্দোনেশিয়া, কম্বোডিয়া, অন্নাম, বৰ্ণিয়া, শ্যেলিবিছ আদি দ্বীপসমূহত উপস্থিত হ'বলৈ সক্ষম হৈছিল। 1920 খ্ৰীষ্টাব্দৰ আৰম্ভণি কালতহে নৌবিদ্যা প্ৰশিক্ষণৰ আধুনিক যুগ আৰম্ভ হৈছিল। স্বাধীনতাৰ পৰৱৰ্তীকালত ভাৰতত পৰিৱৰ্তনৰ এক মধুৰ টো উঠিছিল। ভাৰতত জাহাজ চলা পৰম্পৰাৰ যি সূৰ্য কেই শতিকামানৰ আগতে অস্ত গৈছিল, সেই সূৰ্য পুণৰবাৰ উদিত হৈ উজলিবলৈ আৰম্ভ কৰিছিল। ভাৰতীয় জাহাজ চলাচলৰ এই পৰম্পৰা বৰ্তমান সঠিক দিশেৰে অগ্ৰসৰ হৈছে।
  4. তলত দিয়া গদ্যাংশ অসমীয়া ভাষালৈ অনুবাদ কৰা : Orientation for entrepreneurship has to start right from the schools. In schools, teachers need to highlight the role of entrepreneurship in national development. During college, students must be exposed to business development opportunities and must be trained towards the creation of new enterprises. Parents should encourage their children to take up new ventures after their education. We should cultivate a mindset that 'Idea is wealth'. The government must create a facilitating environment for the provision of venture capital for innovative ideas without collateral security. Universities and engineering and management institutions should work with banks and other funding agencies towards simplifying procedures for setting up businesses and working with entrepreneurs till the project becomes self-sustaining and viable. Procedures in government should facilitate the spotting and recognition of new Indian talent in entrepreneurship by creating a level playing field for healthy competition. Citizens who can afford it should turn themselves into angel investors or start venture capital organizations to fund such new ventures. Big and small industries need to have an open mind in order to encourage and partner with young entrepreneurs.
  5. (a) তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা : 2×5=10 | (i) | হাতত সাৰে ভৰিত সাৰে | 2 | | — | — | — | | (ii) | পেটতে হাত ভৰি লুকা | 2 | | (iii) | হাড়ক মাটি কৰ | 2 | | (iv) | নাম ৰাখ | 2 | | (v) | মূৰে কপালে হাত দে | 2 | (b) তলত দিয়া ফকৰা-যোজনা দুটাৰ ভাব-সম্প্ৰসাৰণ কৰা : 5×2=10 | (i) | হস্তীৰো পিছলে পাৰ সজ্জনৰো বুৰে নাও | 5 | | — | — | — | | (ii) | সাপ মাৰি নেগুৰত বিহ থোৱা | 5 | (c) তলত দিয়া শব্দবোৰৰ, প্ৰতিটোৰে একোটাকৈ বিপৰীত অৰ্থবাচক শব্দ লিখা : 1×10=10 | (i) | সুগম | 1 | | — | — | — | | (ii) | এলেছুৱা | 1 | | (iii) | স্বাধীন | 1 | | (iv) | হৰ্ষ | 1 | | (v) | অহিংসা | 1 | | (vi) | পৰিষ্কাৰ | 1 | | (vii) | ৰোগী | 1 | | (viii) | গুণ | 1 | | (ix) | মিত্ৰ | 1 | | (x) | অসুবিধা | 1 | (d) তলত দিয়া বাক্যাংশসমূহ এটা শব্দত প্ৰকাশ কৰা : 1×10=10 | (i) | আনৰ ভাল দেখিব নোৱাৰা | 1 | | — | — | — | | (ii) | যি তিৰোতাই ধান দায় | 1 | | (iii) | একে মাকৰ সন্তান | 1 | | (iv) | সোণৰ দৰে উজ্জ্বল বৰণ | 1 | | (v) | যি মানুহে নিজৰ দেশক ভাল পায় | 1 | | (vi) | ঈশ্বৰ আছে বুলি বিশ্বাস নকৰা লোক | 1 | | (vii) | হঠাতে হোৱা যি ঘটনা | 1 | | (viii) | কাপোৰ বব জনা তিৰোতা | 1 | | (ix) | গোটেই জীৱন জুৰি | 1 | | (x) | যাক লংঘন কৰিব নোৱাৰি | 1 |

Questions reproduced from the official paper for study purposes; verify on the exam-conducting body’s official website.


Related — other papers of this exam

No Comments

Post A Comment